বাঙনা বুঢ়াৰ কথা

(পুলক জ্যোতি শৰ্মা)

কান্ধত ভাৰখনেৰে বাটকুৰি বাই

বাঙনা বুঢ়া সদাই আহিছিল

লিতা দেহাটোত নীলা কামিজটো আঁঠুমূৰীয়া ধুতিখন

ডিঙিত মুখচা আৰু টায়াৰৰ চেণ্ডেলযোৰৰে

বাঙনা বুঢ়া সদাই আহিছিল

উপকণ্ঠৰ গাঁৱৰ পৰা নগৰৰ মধ্যবিত্তৰ বসতিলৈ


বুঢ়া তেওঁ সিমান হোৱা নাছিল বয়সৰ জোখেৰে

বছৰৰ পাচত বছৰ কান্ধত বৈ ফুৰা ভাৰৰ হেঁচাতহে

গালদুখন সোমাই হনু ওলাইছিল

চুলি পাতলি শুকুলা আঁচ পৰিছিল

সিৰবোৰ শকত হৈ ওলাইছিল


ভাৰখনেই আছিল তেওঁৰ জীৱন

ভলুকাবাঁহৰ তেলপিচল বেৰিয়াডালৰ দুমূৰৰ পাচিদুটাত

বেলিয়ে দেখা দিওঁতেই আটোম-টোকাৰি সপোনৰ দৰে খাজিছিল

নিজহাতে কৰা বাৰীৰ বাঙনা পানীলাও নেমুটেৱা আৰু ঢেঁকীয়া কেমুঠানমান

অ'ৰ-ত'ৰ পৰা গোটোৱা মিঠালাও আৰু খুৎৰা হেলচি কলমো দাথা ভটুৱা শাকৰ মুঠিবোৰ

বতৰত লাই বেহৰ মূলা পালেং কবি বিলাহী


ওলাবৰ আগে পুৱাৰ জলপান

নিমখ তেলেৰে পণ্টাভাত কেইগৰাহমান

নহ'লেবা এজেবা গুড়েৰে ৰঙাচাহ এবাতি আৰু পিঠাদুখনমান

কামিজৰ জেপত ঘৈণীয়েকে গুজি দিয়া ঘৰোৰ বস্তুৰ লিষ্টিখান

আৰু মনৰ জেপত সুমুৱাই আপীজনীৰ হেঁপাহবোৰৰ ফৰমাচখান

ভাৰখন কান্ধলৈ তুলি খোজ লৈছিল

ঘৈণীয়েকে সুধিছিল -- ভাৰখান বেছি গধুৰ হৈছি নাকি

নাইহৱা-- সেয়াতো ভাৰ নাছিল সেয়া আছিল তেওঁৰ সপোন

আশাবোৰৰ ভৰ সহি তেওঁৰ ভাল লাগিছিল


দৰদামৰ অন্তত পাচিৰ শাক-পাত কিনোতাৰ ৰান্ধনিঘৰত সোমায়

বিনিময়ত পোৱা কেইটাৰে লিষ্টিত ঘাটি

ঘৈণীয়েকৰ মন মৰে আপীৰ মুখ ওন্দোলে

ইস্কুলৰ কিতাপ-বহীৰ অভাৱত ছলিটো গোমোঠা লাগে


পিয়াহ লাগিলে কেতিয়াবা একোঘৰত একাপ চাহ খোজে

ঠেনুভগা কাপত চাহ দি গৃহিনীয়ে কাপটো ধুই পিৰালীত থৈ যাবলৈ কয়

চাহত শোহা দি বাঙনা বুঢ়াই গৃহিনীক জনায়

কাপ ধুই পিৰালীত থৈ যাব লগা সৰুজাতৰ মানুহ তেওঁ নহয়

জাতত তেওঁ ওপৰৰ

তেওঁ বুজি নেপাই যে তেওঁৰ আছে আৰু এটা জাত

ঠেনুভগা খাটিখোৱাৰ জাত

দেহা মাটি কৰি পানীলাও বাঙনা বেচি খোৱাৰ জাত

যি জাতৰ মানুহৰ প্ৰয়োজন নাই পৰিচয় অথবা নাম

ঘৰে ঘৰে সেয়ে বাঙনা বুঢ়া তেওঁৰ ডাকনাম

তেওঁৰ ভাৰৰ পাচলিৰে সকলোৰে খোৱাপাতত জুতি উঠে

তেওঁৰহে সংসাৰৰ পাতত জুতি নুঠে

ঠেনুডাল জোৰা নেলাগে


লগত কেতিয়াবা অহা চেংৰা বৰডেকাটোৰ

ঠেনুভগা কাপত চাহপানী দেখিলেই মূৰটো ভমককৈ উঠে

বাপেকে কাপটো ধুই পিৰালীত থওঁতে

খঙটো তাৰ চুলিৰ আগলৈ উঠে

বাপেকক বলকোতে সি কয় বিজ্ঞানৰ চাৰে কোৱা কথা –

সকলো মানুহৰ জাতি এটা

ছলিটোৱে তেতিয়াও বুজা নাই

আচলতে মানুহৰ জাতি এটা হ'লেও জাত হেজাৰটা--

জন্মৰ জাত ভাষাৰ জাত ধৰ্মৰ জাত ঠাইৰ জাত

বগা ক'লা মটিয়া হালধীয়া চালৰ বৰণৰ জাত

শোষকৰ জাত শোষিতৰ জাত

শাসকৰ জাত শাসিতৰ জাত

সংখ্যাগুৰুৰ জাত সংখ্যালঘূৰ জাত

ধনীৰ জাত নিৰ্ধনীৰ জাত

শিক্ষিতৰ জাত অশিক্ষিতৰ জাত

বুধিয়কৰ জাত কলম পিহাৰ জাত

দালালৰ জাত সীয়নীত শোৱাৰ জাত

খাটিখোৱা ঠেনুভগা বাঙনা বুঢ়াৰ জাত

আৰু কত কি কাহানিও অন্ত নপৰা জাত

জাতে জাতে কত খিয়লা-খিয়লি দন্দ্ব-খৰিয়াল মাৰকাট


পৰিসংখ্যাৰ সীমাৰেখাডালৰ তলত

বাঙনা বুঢ়াহঁতৰ ঠাইকণ নিগাজী

সীমা ফালি দুই-চাৰিটাই মূৰ তুলি পায়গৈ কেতিয়াবা ওপৰৰ কোনোবা শাৰী

সীমাৰেখাৰ তলত পিচে সদাই ঠেলাহেঁচা স্থিতাৱস্থাৰ নহয় সলনি

কান্ধত ভাৰলৈ সেয়ে অহা-যোৱা কৰি আছে বাঙনা বুঢ়াহঁত কৌটিকাল

ক্ষয়যোৱা চেণ্ডেলৰ চটপ্ চটপ্ শব্দ তুলি


বাঙনা বুঢ়াহঁতক ঠেনুলগা কাপত চাহ খুউৱাৰ প্ৰতিশ্ৰুতিৰে

কত আন্দোলন কত সংগ্ৰামেৰে ইতিহাসৰ পাত বিধৌত

কতৰ নাম খোদিত হ'ল সময়ৰ কষটি শিলত

সেইষাৰ বচনকে সিদ্ধিমন্ত্ৰ কৰি বৰলোক হ'ল কতজন

বাঙনা বুঢ়াৰহঁতৰ জাতৰহে নহ'ল হৰণ-ভগন

নহয় হৰণ-ভগন

বাঙনা বুঢ়াক ঠেনুলগা ৰঙীণ পিৰিচ-পিয়লাত চাহ খাবলৈ দি

কোনেনো বাৰু তল নিয়াব নিজৰ সান্দহখোৱা বালি !


********